
আপোনাৰ সন্তানৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে মোবাইল ফোনে। আজি কালি মোবাইল নহ’লে পুত্ৰই চিনি নাপায় পিতৃ-মাতৃক । সেই বাবে পুত্ৰই ললে ডাঙৰ সিদ্ধান্ত ।
আজিকালি প্ৰায়ে দেখিবলৈ পোৱা যায় যে একাংশ শিশুৰ হাতে হাতে উপলব্ধ হৈছে মোবাইল ফোন। যি মোবাইল ফোনে মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক ভাৱেও ক্ষতিগ্ৰস্ত কৰিছে আপোনাৰ সন্তানক।
এই মোবাইল ফোনৰ বাবে দৈনন্দিন জীৱনত অপৰাধ প্ৰৱণতাও বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে, শিশুৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা এই অপৰাধ প্ৰৱণতা হ্ৰাস কৰিবলৈ চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কিন্তু তেনে সময়তে এটি মোবাইল ফোনৰ বাবে নিজৰ পিতৃ-মাতৃকো ত্যাগ কৰিলে এজন অষ্টম শ্রেণীত অধ্যয়নৰত ছাত্রই। ছাত্রজনে সংঘটিত কৰা কাণ্ডই এতিয়া হাহাকাৰ লগাইছে পৰিয়ালটোৰ মাজত।
কান্দোনত ভাগি পৰিছে পৰিয়ালটোৰ লোক। চাৰি দিনে ধৰি নিৰুদ্দেশ হৈ আছে মৈৰাবাৰীৰ সুতাৰ গাঁৱৰ বাসিন্দা আছাদ হুছেইন নামৰ ছাত্রগৰাকী।
ছাত্র গৰাকীয়ে এটা মোবাইল ফোন বিচাৰিছিল পিতৃ মাতৃৰ পৰা। কিন্তু মোবাইল ফোনটো আনি নিদিয়াৰ বাবে ঘৰ এৰি পলায়ন কৰে ছাত্র গৰাকীয়ে।
অৱশেষত উপায়বিহীন হৈ এক মাত্ৰ পুত্রক বিচাৰি নাপাই সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে। ইতিমধ্যে ছাত্ৰ জনক উদ্ধাৰ কৰিবলৈ পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছে ধিং আৰক্ষী থানাত ।
এটা মবাইল ফোনৰ বাবে সংঘটিত হোৱা এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক ।