
জুৰীয়াত ড্ৰেগন ফল খাই এজনী মহিলাৰ মৃত্যু। নিশা স্বামীয়ে বজাৰৰ পৰা কিনি অনা ড্ৰেগন ফল খোৱাৰ পিছতে অসুস্থ হৈ পৰিছিল জুৰীয়াৰ বগৰিগুৰি গাৱৰ নিৰ্মলা খাতুন নামৰ মহিলাগৰাকী।
এই ঘটনাৰ পিছতেই স্বামীৰ পৰিয়ালে তাৎক্ষণিকভাৱে দগাঁও চিকিৎসালয়লৈ লৈ যায় নিৰ্মলা খাতুনক। পিছে চিকিৎসালয়ত চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে নিৰ্মলা খাতুনক।
স্বামী আতাউৰ ৰহমানে জনোৱা মতে পত্নী নিৰ্মলা খাতুন ড্ৰেগন ফল খোৱাৰ পিছত অসুস্থ হৈ পৰিছিল যদিও এই অভিযোগ মানি লোৱা নাই নিৰ্মলা খাতুনৰ পৰিয়ালে।
নিৰ্মলা খাতুনৰ পৰিয়ালৰ লোকৰ অভিযোগ মতে স্বামীৰ আক্ৰমণত নিৰ্মলা খাতুনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।
নিৰ্মলা খাতুনৰ পৰিয়ালৰ লোকৰ অভিযোগ মতে স্বামীৰ আক্ৰমণত নিৰ্মলা খাতুনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেললৈ প্ৰেৰণ কৰাৰ লগতে চৰজমিন তদন্ত আৰম্ভ কৰিছে ।
এয়া ড্ৰেগন ফল খাই মৃত্যু হৈছে নে স্বামীৰ আক্ৰমণৰ বলি হৈ মৃত্যু হৈছে নে আন কিবা কাৰনত মৃত্যু হৈছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ ফলাফলতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।